Posts

Showing posts from April, 2020

কবিতা

অপেক্ষা ⇨ কমল কলিতা আহিলে আহিব পাৰা মোৰ হৃদয়ৰ জুপুৰীলৈ, খোলা আছে দুৱাৰ তোমাৰ বাবে… হৃদয়ত সাঁচি থোৱা আছে অলেখ মৰম, তোমাৰ বাবে… প্ৰতিশ্ৰুতি দিবলৈ নহয় মই মন্ত্ৰী অথবা বিধায়ক… মই নিঃকিন-নিচলা অসমীয়া যুৱক… উপহাৰেৰে ওপোচাই দিবলৈ নাই মোৰ চৰকাৰী চাকৰি, আছে এটি নিজা ফেক্টৰী… য’ত, ময়েই মালিক ময়েই শ্ৰমিক… নোৱাৰো তোমাক বিলাসী গাড়ীত ঘুৰাব! নোৱাৰো তোমাক বিলাসী ৰেষ্টোৰাত খুৱাব! হাতত হাত ধৰি ফুৰিম পাগলাদিয়াৰ পাৰত আইৰ হেঁপাহৰ জুপুৰীত খাম… মৰমৰ এসাজ… আহিলে আহিব পাৰা মোৰ হৃদয়ৰ জুপুৰীলৈ… চাকৰিৰ নামত দুৰৈত থাকি নোৱাৰো টেলিফ’নিক বাৰ্তালাপ কৰিব… তোমাৰ কাষত বহি তোমাৰ চকু চকু থৈ ল’ম তোমাৰ হৃদয়ৰ বতৰা… নাথাকে কোনো কৃত্ৰিমতা… থাকিব কেৱল আন্তৰিকতা… নোৱাৰো দিব তোমাক আভিজাত্যৰ অত্যাধুনিক পোচাক, তাঁতশালত সপোন ৰচি গাত মেৰিয়াই ল’বা অসমীয়া সাজ… যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰত থাকি সাজো আহা এখনি হেঁপাহৰ ঘৰ… আশাৰ ঘৰ… মৰমৰ ঘৰ… য’ত থাকিব মৰম বিশ্বাস বুজাবুজি পৰস্পৰ… আহিলে আহিব পাৰা মোৰ হৃদয়ৰ জুপুৰীলৈ এবুকু মৰম লৈ… হৃদয়ৰ জপনা খুলি ৰৈ আছো তোমালৈ… ***************************** কবি কমল কলিতা কাব্যলোচনী 'গজালি' ...

কবিতা

Image
প্ৰেম কুকিলা গোস্বামী হেজাৰবাৰ মৰিও হেজাৰবাৰ জী উঠোঁ তোমাৰ প্ৰেমেৰে...। কত ধুমুহা,কত হিংসা, কত আঘাতে গৰকে; তুমি থিয় দিয়া প্ৰাচীৰ হৈ...। মই উজুটি খালে  তোমাৰ বুকুত ঘাঁ লাগে...। মোৰ উশাহেৰে তুমি আৰু  তোমাৰ উশাহেৰে মই ধাৱমান হওঁ জীৱনৰ বাট, বিশ্বাসৰ সোণসেৰীয়া ঘাট...। ******************* কবি কুকিলা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা ছাত্ৰী

কবিতা

লুইতত সূৰ্যাস্তৰ গান কুকিলা গোস্বামী আকাশত হেঙুল লুইতত হেঙুল হেঙুলত ৰূপোৱালী তিৰবিৰণি দুৰন্ত সলিলৰাশিৰ; যেন বুকুৰ নৈত জপিওৱা মুঠি মুঠি উজানৰ মাছ _ আশাৰ... মাহ-হালধি মাহ-হালধি গোন্ধোৱা "কাঠনিবাৰী ঘাট"ৰ বোৱাৰীজনীৰ কপালৰ ফোঁটটো চিলনিয়ে থপিয়াই আনি সিঁচি দিলে লুইতত। মূহুৰ্ততে জাগি উঠিল ব্ৰহ্মাৰ তনয়ৰ যৌৱনৰ অফুৰন্ত বাসনা... কৃষ্ণচূড়াৰ তেজৰঙা পাহিবোৰ কোনে জানো আঁজলিয়ে আঁজলিয়ে ছটিয়ালে ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ বক্ষত। প্ৰেমৰ সুবাসেৰে আমোলমোলালে শদিয়া-ধুবুৰীৰ ঘাট...। ------------------------- কবি কুকিলা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা ছাত্ৰী

কবিতা

লকডাউন পদ্য শংকৰ শৰ্মা   (১)  কৰ’নাৰ ভয়ত সঘনাই ধুই আছো হাত কথাটো গম পাই ঘৈনীয়ে লগালে মাত হাত ধোৱাৰ চলতে বাচনখিনিও ধুই আনা বেগতে খাব খুজিছা যদি আজি দুপৰীয়াৰ ভাত।   (২) মাস্ক পিন্ধি ঘুৰি আছে শ্ৰীমতী মোৰ কথাটো ভাবিয়ে আনন্দ লাগিল ঘোৰ লিপষ্টিকৰ খৰছ কমি গ’ল টকা কিছু ৰাহি হ’ল সেয়ে লকডাউন বঢ়াবলৈ কৰিলো হাতযোৰ। (৩) ব’হাগত পাতিম বুলি ভাবিছিলো বিয়া চাৰিওফালে লকডাউন ,ভাঙি গ’ল হিয়া শহুৰৰ নাম গোপাল মোৰে পুৰা কপাল ফোনতে কইনাৰ লগত চলাই আছো হিয়া-দিয়া-নিয়া। (৪) লকডাউন নামানি ওলাই গ’ল ৰমনী বাটতে পুলিছে পাই ,কৰি দিলে ‘বহনি’ ছিঙি দিলে পিঠিৰ ছাল পত্নীয়ে বোলে হায়ৰে কপাল  চাবলৈ গৈছিল হে সি ,খুলিছে নে সুৰাৰ বিপনী। (৫)  বিহু বুলি তাই ,খুলি থৈছিল হৃদয়ৰ জপনা বিহু নাহিল ,আহি গ’ল কৰ’না ঢোল-পেপা-টকা মন তাইৰ উকা মনেশ্বৰে যে দিব নোৱাৰিলে ,তাইক এইবাৰ গহনা। (৬)  গৃহবন্দী হোৱাৰ বাবেই দাড়ি-চুলি হ’ল ভোবোকাৰ চিনিবই নোৱাৰি সিয়েই যে ভবেন কৰ্মকাৰ বাহিৰত থকা পুতেক আহি সুধিলে তাকেই কাহি কাহি ককা ,দ...

Four Wheeler Insurance

Image
We Provide Best Four Wheeler Insurance TATA AIG Just WhatsApp Us: 7002517710 (Document Required- RC and Previous Insurance Policy)

ফিজিঅ’থেৰাপিষ্টৰ দৃষ্টিৰে

ফিজিঅ’থেৰাপিষ্টৰ দৃষ্টিৰে সজাগ হওঁক, নিৰোগী হৈ থাকক ডাঃ প্ৰণৱ চক্ৰৱৰ্তী  (ফিজিঅ’থেৰাপিষ্ট) “Prevention is better than cure”  আমি প্ৰায়ভাগ ৰোগত আক্ৰান্ত হোৱাৰ কাৰণ হ’ল ৰোগ সম্বন্ধে সচেতনতাৰ অভাৱ ৷ এই আলোচনাত  অস্থি সম্বন্ধীয় কিছু ৰোগৰ পৰা কেনেকৈ সহজে আঁতৰি থাকিব পাৰি তাৰ ওপৰত আলোচনা কৰা হ’ব ৷ স্পণ্ডাইলোছিছ আমি সাধাৰণতে ভুগি থকা ৰোগবোৰৰ অন্যতম ৷ ইয়াৰ ফলত ডিঙি আৰু ককালত বিষ অনুভৱ কৰে ৰোগীয়ে ৷ কিছু অতি সাধাৰণ নিয়ম মানি আমি এই ৰোগৰ পৰা আঁতৰত থাকিব পাৰো ৷ শোৱা সময়ত ওখ গাৰু ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে, বেছি কোমল তুলি ব্যৱহাৰ কৰিব নালাগে, একেৰাহে বহু সময় কম্পিউটাৰ বা মোবাইল ফোন তলমূৰকৈ ব্যৱহাৰ কৰিব নালাগে , কিতাপ পঢ়োতে সঠিক উচ্চতাৰ মেজ ব্যৱহাৰ কৰিব লাগে, হঠাৎ বেছি ওজন দাঙিব নালাগে ৷ এইখিনি নিয়ম মানি চলি লগতে নিয়মীয়াকৈ কিছু ব্যায়াম কৰি আমি স্পণ্ডাইলোছিছ ৰ পৰা নিজক বচাই ৰাখিব পাৰোঁ ৷ কেতিয়াবা সামান্য বিষ হ’লেও গৰম পানীৰ সেক ললে যথেষ্ট আৰাম পোৱা যায় ৷ কিশোৰ কিশোৰী সকল আজিকালি বহু ঘন্টা ধৰি মোবাইল গেম খেলি, চোফাত শুই আৰু মডিফাইড বাইক চলাই কম বয়সতে এনে ৰোগ চপাই লোৱা ...