কবিতা
লুইতত সূৰ্যাস্তৰ গান
কুকিলা গোস্বামী
আকাশত হেঙুল
লুইতত হেঙুল
হেঙুলত ৰূপোৱালী তিৰবিৰণি
দুৰন্ত সলিলৰাশিৰ;
যেন বুকুৰ নৈত জপিওৱা
মুঠি মুঠি উজানৰ মাছ _
আশাৰ...
মাহ-হালধি মাহ-হালধি গোন্ধোৱা
"কাঠনিবাৰী ঘাট"ৰ বোৱাৰীজনীৰ
কপালৰ ফোঁটটো
চিলনিয়ে থপিয়াই আনি
সিঁচি দিলে লুইতত।
মূহুৰ্ততে জাগি উঠিল
ব্ৰহ্মাৰ তনয়ৰ যৌৱনৰ
অফুৰন্ত বাসনা...
কৃষ্ণচূড়াৰ তেজৰঙা পাহিবোৰ
কোনে জানো
আঁজলিয়ে আঁজলিয়ে ছটিয়ালে
ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ বক্ষত।
প্ৰেমৰ সুবাসেৰে আমোলমোলালে
শদিয়া-ধুবুৰীৰ ঘাট...।
আকাশত হেঙুল
লুইতত হেঙুল
হেঙুলত ৰূপোৱালী তিৰবিৰণি
দুৰন্ত সলিলৰাশিৰ;
যেন বুকুৰ নৈত জপিওৱা
মুঠি মুঠি উজানৰ মাছ _
আশাৰ...
মাহ-হালধি মাহ-হালধি গোন্ধোৱা
"কাঠনিবাৰী ঘাট"ৰ বোৱাৰীজনীৰ
কপালৰ ফোঁটটো
চিলনিয়ে থপিয়াই আনি
সিঁচি দিলে লুইতত।
মূহুৰ্ততে জাগি উঠিল
ব্ৰহ্মাৰ তনয়ৰ যৌৱনৰ
অফুৰন্ত বাসনা...
কৃষ্ণচূড়াৰ তেজৰঙা পাহিবোৰ
কোনে জানো
আঁজলিয়ে আঁজলিয়ে ছটিয়ালে
ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ বক্ষত।
প্ৰেমৰ সুবাসেৰে আমোলমোলালে
শদিয়া-ধুবুৰীৰ ঘাট...।
-------------------------
কবি কুকিলা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা ছাত্ৰী
Comments
Post a Comment