Posts

Showing posts from May, 2020

2 nd Anniversary

Image

POEM

ঘাম   কুকিলা গোস্বামী বসন্তৰ সুকোমল পৰশক  দুহাতেৰে ঠেলি নামি আহে গ্ৰীষ্ম ধৰাৰ বুকুলৈ। ঘৰ্মাক্ত এটি দেহ, লুণীয়া ঘামৰ গোন্ধ গ্ৰীষ্মৰে অংগ নহয় জানো। ঘামৰ গোন্ধৰ আছেনে  সুকীয়া তাৎপৰ্য্য ভিন্ন জীৱনধাৰাৰ লগত সম্পৃক্ত! পথাৰৰ বুকুত সৰগীয় সপোন ৰচা নিদাঘ তাপৰ নিকৰুণতাৰ সাক্ষী কৃষকৰ কপালৰ পৰা  সৰি পৰি মাটিৰ  বক্ষত সমাধিস্থ হোৱা প্ৰতি টোপাল ঘামৰ গোন্ধ আৰু নিঃস্বজনৰ বুকুৰ তেজ শুহি খাই দেহৰ অৱয়ব বঢ়োৱা মহাজনৰ ঘামৰ গোন্ধ একে নহয়। কৃষকৰ ঘামৰ গোন্ধত সনা থাকে সৃজনীশীলতাৰ হেঁপাহ, জীপাল হৈ উঠা ধৰিত্ৰীৰ বুকুত  সেই গোন্ধে নমায় উৎসৱৰ ধল... আৰু মহাজনৰ ঘামৰ গোন্ধ মানুহৰ নিৰ্দয়তা তথা  বিলাসিতাৰ নামান্তৰ মাথোন। গভীৰ প্ৰেমত আৱদ্ধ হৈ পৰিণয়ৰ ডোলেৰে বান্ধ খোৱা এহাল দম্পতীৰ ৰমণ-বিলাসৰ  ঘামৰ গোন্ধ আৰু এজন ধৰ্ষণকাৰীৰ ঘামৰ গোন্ধ  একে জানো! ওহো,কাহানিও হ'ব নোৱাৰে। প্ৰথমটো গোন্ধত প্ৰেম হয় সততাৰে পৰিপূৰ্ণ, বিশ্বাস  হয় আকাশৰ ৰামধেনু আৰু দ্বিতীয়টো গোন্ধ  জীৱশ্ৰেষ্ঠ মানৱক লজ্জানত ...

Poem

দিঠক ⇰ নৱ কুমাৰ শৰ্মা শিমলু ফুলাৰ দিনত  সৰা মদাৰ পাহিৰ  বাঘ নখ পিন্ধি   ৰৈ আছিলি মোৰ কাষত ,  দুহাতত জেতুকাৰ বোল   ওঁঠত গুজি ওঁঠ  বিছাৰিছিলি জীৱনৰ মোল ; কপালত লৈ   ৰাঙলী মদাৰৰ ফোঁট আজি তই মোৰ পৰা  দুৰত ..........বহু দুৰত .... .  **************************** কবি  নৱ কুমাৰ শৰ্মা (ঋতুৰাজ)  নলবাৰী জিলাৰ বুদ্ৰুকুছি গাঁওৰ বাসিন্দা