কবিতা
অপেক্ষা
⇨ কমল কলিতা
আহিলে আহিব পাৰা
মোৰ হৃদয়ৰ জুপুৰীলৈ,
খোলা আছে দুৱাৰ
তোমাৰ বাবে…
হৃদয়ত সাঁচি থোৱা আছে
অলেখ মৰম,
তোমাৰ বাবে…
প্ৰতিশ্ৰুতি দিবলৈ
নহয় মই মন্ত্ৰী অথবা
বিধায়ক…
মই নিঃকিন-নিচলা
অসমীয়া যুৱক…
উপহাৰেৰে ওপোচাই দিবলৈ
নাই মোৰ চৰকাৰী চাকৰি,
আছে এটি নিজা ফেক্টৰী…
য’ত,
ময়েই মালিক
ময়েই শ্ৰমিক…
নোৱাৰো তোমাক
বিলাসী গাড়ীত ঘুৰাব!
নোৱাৰো তোমাক
বিলাসী ৰেষ্টোৰাত খুৱাব!
হাতত হাত ধৰি ফুৰিম
পাগলাদিয়াৰ পাৰত
আইৰ হেঁপাহৰ জুপুৰীত
খাম…
মৰমৰ এসাজ…
আহিলে আহিব পাৰা
মোৰ হৃদয়ৰ জুপুৰীলৈ…
চাকৰিৰ নামত
দুৰৈত থাকি
নোৱাৰো টেলিফ’নিক
বাৰ্তালাপ কৰিব…
তোমাৰ কাষত বহি
তোমাৰ চকু চকু থৈ ল’ম
তোমাৰ হৃদয়ৰ বতৰা…
নাথাকে কোনো কৃত্ৰিমতা…
থাকিব কেৱল আন্তৰিকতা…
নোৱাৰো দিব তোমাক
আভিজাত্যৰ অত্যাধুনিক পোচাক,
তাঁতশালত সপোন ৰচি
গাত মেৰিয়াই ল’বা
অসমীয়া সাজ…
যান্ত্ৰিকতাৰ পৰা
কিছু আঁতৰত থাকি
সাজো আহা এখনি
হেঁপাহৰ ঘৰ…
আশাৰ ঘৰ…
মৰমৰ ঘৰ…
য’ত
থাকিব
মৰম
বিশ্বাস
বুজাবুজি পৰস্পৰ…
আহিলে আহিব পাৰা
মোৰ হৃদয়ৰ জুপুৰীলৈ
এবুকু মৰম লৈ…
হৃদয়ৰ জপনা খুলি
ৰৈ আছো তোমালৈ…
মোৰ হৃদয়ৰ জুপুৰীলৈ,
খোলা আছে দুৱাৰ
তোমাৰ বাবে…
হৃদয়ত সাঁচি থোৱা আছে
অলেখ মৰম,
তোমাৰ বাবে…
প্ৰতিশ্ৰুতি দিবলৈ
নহয় মই মন্ত্ৰী অথবা
বিধায়ক…
মই নিঃকিন-নিচলা
অসমীয়া যুৱক…
উপহাৰেৰে ওপোচাই দিবলৈ
নাই মোৰ চৰকাৰী চাকৰি,
আছে এটি নিজা ফেক্টৰী…
য’ত,
ময়েই মালিক
ময়েই শ্ৰমিক…
নোৱাৰো তোমাক
বিলাসী গাড়ীত ঘুৰাব!
নোৱাৰো তোমাক
বিলাসী ৰেষ্টোৰাত খুৱাব!
হাতত হাত ধৰি ফুৰিম
পাগলাদিয়াৰ পাৰত
আইৰ হেঁপাহৰ জুপুৰীত
খাম…
মৰমৰ এসাজ…
আহিলে আহিব পাৰা
মোৰ হৃদয়ৰ জুপুৰীলৈ…
চাকৰিৰ নামত
দুৰৈত থাকি
নোৱাৰো টেলিফ’নিক
বাৰ্তালাপ কৰিব…
তোমাৰ কাষত বহি
তোমাৰ চকু চকু থৈ ল’ম
তোমাৰ হৃদয়ৰ বতৰা…
নাথাকে কোনো কৃত্ৰিমতা…
থাকিব কেৱল আন্তৰিকতা…
নোৱাৰো দিব তোমাক
আভিজাত্যৰ অত্যাধুনিক পোচাক,
তাঁতশালত সপোন ৰচি
গাত মেৰিয়াই ল’বা
অসমীয়া সাজ…
যান্ত্ৰিকতাৰ পৰা
কিছু আঁতৰত থাকি
সাজো আহা এখনি
হেঁপাহৰ ঘৰ…
আশাৰ ঘৰ…
মৰমৰ ঘৰ…
য’ত
থাকিব
মৰম
বিশ্বাস
বুজাবুজি পৰস্পৰ…
আহিলে আহিব পাৰা
মোৰ হৃদয়ৰ জুপুৰীলৈ
এবুকু মৰম লৈ…
হৃদয়ৰ জপনা খুলি
ৰৈ আছো তোমালৈ…
*****************************
কবি কমল কলিতা কাব্যলোচনী 'গজালি' ৰ কাৰ্যবাহী সম্পাদক তথা "দৈনিক গণ অধিকাৰ" কাকতৰ সাংবাদিক
ফোনঃ ৭০০২৮০৭৫৫১
Comments
Post a Comment