কবিতা

প্ৰেম

কুকিলা গোস্বামী



হেজাৰবাৰ মৰিও
হেজাৰবাৰ জী উঠোঁ
তোমাৰ প্ৰেমেৰে...।
কত ধুমুহা,কত হিংসা,
কত আঘাতে গৰকে;
তুমি থিয় দিয়া প্ৰাচীৰ হৈ...।
মই উজুটি খালে 
তোমাৰ বুকুত ঘাঁ লাগে...।
মোৰ উশাহেৰে তুমি আৰু 
তোমাৰ উশাহেৰে মই ধাৱমান হওঁ
জীৱনৰ বাট,
বিশ্বাসৰ সোণসেৰীয়া ঘাট...।


*******************
কবি কুকিলা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা ছাত্ৰী

Comments

Popular posts from this blog

Poem

কবিতা

কবিতা