POEM
ঘাম
কুকিলা গোস্বামী
বসন্তৰ সুকোমল পৰশক
দুহাতেৰে ঠেলি
নামি আহে গ্ৰীষ্ম ধৰাৰ বুকুলৈ।
ঘৰ্মাক্ত এটি দেহ,
লুণীয়া ঘামৰ গোন্ধ
গ্ৰীষ্মৰে অংগ নহয় জানো।
ঘামৰ গোন্ধৰ আছেনে
সুকীয়া তাৎপৰ্য্য
ভিন্ন জীৱনধাৰাৰ লগত সম্পৃক্ত!
পথাৰৰ বুকুত সৰগীয় সপোন ৰচা
নিদাঘ তাপৰ নিকৰুণতাৰ সাক্ষী
কৃষকৰ কপালৰ পৰা
সৰি পৰি
মাটিৰ বক্ষত সমাধিস্থ হোৱা
প্ৰতি টোপাল ঘামৰ গোন্ধ আৰু
নিঃস্বজনৰ বুকুৰ তেজ শুহি খাই
দেহৰ অৱয়ব বঢ়োৱা
মহাজনৰ ঘামৰ গোন্ধ একে নহয়।
কৃষকৰ ঘামৰ গোন্ধত সনা থাকে
সৃজনীশীলতাৰ হেঁপাহ,
জীপাল হৈ উঠা ধৰিত্ৰীৰ বুকুত
সেই গোন্ধে নমায় উৎসৱৰ ধল...
আৰু মহাজনৰ ঘামৰ গোন্ধ
মানুহৰ নিৰ্দয়তা তথা
বিলাসিতাৰ নামান্তৰ মাথোন।
গভীৰ প্ৰেমত আৱদ্ধ হৈ
পৰিণয়ৰ ডোলেৰে বান্ধ খোৱা
এহাল দম্পতীৰ ৰমণ-বিলাসৰ
ঘামৰ গোন্ধ আৰু
এজন ধৰ্ষণকাৰীৰ ঘামৰ গোন্ধ
একে জানো!
ওহো,কাহানিও হ'ব নোৱাৰে।
প্ৰথমটো গোন্ধত প্ৰেম হয়
সততাৰে পৰিপূৰ্ণ,
বিশ্বাস হয় আকাশৰ ৰামধেনু
আৰু দ্বিতীয়টো গোন্ধ
জীৱশ্ৰেষ্ঠ মানৱক লজ্জানত কৰা
নিষ্ঠুৰতা তথা
কদৰ্যতাৰ পৰিচায়ক।
প্ৰসৱ যন্ত্ৰণাত ছটফটাই থকা
নাৰীদেহৰ ঘামৰো
এক পৃথক গোন্ধ আছে।
সেই গোন্ধত নাৰী হয়
সৃষ্টিশীলতাৰ প্ৰতিভূ,
মমতাৰে মহিমাময়ী...।
ৰৌদ্ৰস্নাত দুপৰীয়াৰ
উষ্ণতাকো নেওচি ক্ষুধাৰ তাড়নাত মানুহৰ বোজা টানি টানি
ৰিক্সাখন কঢ়িয়াই লৈ ফুৰা
ৰিক্সাৱলাজনৰ ঘামৰ গোন্ধ
আৰু আৰোহীৰ ঘামৰ গোন্ধৰ
পাৰ্থক্য আছে।
এটা গোন্ধত জীৱন -নিৰ্বাহে পিন্ধে
কাৰুণ্যৰ সাজ,
শ্ৰম হয় বুভুক্ষা নিবৃত্তিৰ উপায়
আৰু আনটো গোন্ধ
আৰাম,জিৰণিৰ বাৰ্তাবাহক।
এয়াৰ কুলাৰে শুহি নিয়া
ধনী লোকৰ ঘামত নাথাকে
শ্ৰমৰ গোন্ধ,
জহে দিয়া তিক্ততাপূৰ্ণ অনুভূতি।
ব্যক্তিভেদে ,পৰিস্থিতি ভেদে
ঘামৰো থাকে নিজা নিজা গোন্ধ;
ঘ্ৰাণ লোৱাৰ দৃষ্টিভংগীত
খোল খায় ইয়াৰ ভিন্নৰঙী অৰ্থ...।
**************************************
কবি কুকিলা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষিকা ছাত্ৰী
Comments
Post a Comment