Poem

দিঠক

⇰ নৱ কুমাৰ শৰ্মা





শিমলু ফুলাৰ দিনত 

সৰা মদাৰ পাহিৰ

 বাঘ নখ পিন্ধি 

 ৰৈ আছিলি মোৰ কাষত ,

 দুহাতত জেতুকাৰ বোল  

ওঁঠত গুজি ওঁঠ 

বিছাৰিছিলি জীৱনৰ মোল ;

কপালত লৈ 

 ৰাঙলী মদাৰৰ ফোঁট

আজি তই মোৰ পৰা 

দুৰত ..........বহু দুৰত ..... 


****************************
কবি নৱ কুমাৰ শৰ্মা (ঋতুৰাজ) নলবাৰী জিলাৰ বুদ্ৰুকুছি গাঁওৰ বাসিন্দা

Comments

Post a Comment

Popular posts from this blog

কবিতা

কবিতা