লকডাউন পদ্য শংকৰ শৰ্মা (১) কৰ’নাৰ ভয়ত সঘনাই ধুই আছো হাত কথাটো গম পাই ঘৈনীয়ে লগালে মাত হাত ধোৱাৰ চলতে বাচনখিনিও ধুই আনা বেগতে খাব খুজিছা যদি আজি দুপৰীয়াৰ ভাত। (২) মাস্ক পিন্ধি ঘুৰি আছে শ্ৰীমতী মোৰ কথাটো ভাবিয়ে আনন্দ লাগিল ঘোৰ লিপষ্টিকৰ খৰছ কমি গ’ল টকা কিছু ৰাহি হ’ল সেয়ে লকডাউন বঢ়াবলৈ কৰিলো হাতযোৰ। (৩) ব’হাগত পাতিম বুলি ভাবিছিলো বিয়া চাৰিওফালে লকডাউন ,ভাঙি গ’ল হিয়া শহুৰৰ নাম গোপাল মোৰে পুৰা কপাল ফোনতে কইনাৰ লগত চলাই আছো হিয়া-দিয়া-নিয়া। (৪) লকডাউন নামানি ওলাই গ’ল ৰমনী বাটতে পুলিছে পাই ,কৰি দিলে ‘বহনি’ ছিঙি দিলে পিঠিৰ ছাল পত্নীয়ে বোলে হায়ৰে কপাল চাবলৈ গৈছিল হে সি ,খুলিছে নে সুৰাৰ বিপনী। (৫) বিহু বুলি তাই ,খুলি থৈছিল হৃদয়ৰ জপনা বিহু নাহিল ,আহি গ’ল কৰ’না ঢোল-পেপা-টকা মন তাইৰ উকা মনেশ্বৰে যে দিব নোৱাৰিলে ,তাইক এইবাৰ গহনা। (৬) গৃহবন্দী হোৱাৰ বাবেই দাড়ি-চুলি হ’ল ভোবোকাৰ চিনিবই নোৱাৰি সিয়েই যে ভবেন কৰ্মকাৰ বাহিৰত থকা পুতেক আহি সুধিলে তাকেই কাহি কাহি ককা ,দ...
Comments
Post a Comment